Highlights
- অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত হিতাধিকাৰীসকলক তলত উল্লেখ কৰা সুবিধা প্ৰদান কৰা হ'ব :-
- যোজনা খৰচৰ ৫০% বা ৪০,০০০ টকাৰ ৰাজসাহায্য। (যিটো নিম্নতম)।
- ৪ জনীয়া যৌথ দায়বদ্ধ স্বাৱলম্বী গোটলৈ ১,৬০,০০০ টকাৰ ৰাজসাহায্য।
- ঋণ সুবিধা ৬,০০,০০০/- টকালৈ।
Customer Care
- অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ হেল্পলাইন নম্বৰ।
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ হেল্পলাইন নম্বৰ :-
- ০৯৯৫৪৪৯৭৬৭৪
- ০৯৯৫৪৫৩৩৪৭২
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান হেল্পডেস্ক ই-মেইল :-
- sird-asm@nic.in.
- sirdassam@gmail.com.
Information Brochure
আচঁনিৰ বিৱৰণ |
|
---|---|
আচঁনিৰ নাম | অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনা। |
লাভসমূহ |
|
হিতাধিকাৰী |
|
সাবস্ক্রিপশন | অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অন্তৰ্গত নিয়মীয়াকৈ আপডেট পাবলৈ ইয়াতে সাবস্ক্ৰাইব কৰক। |
ন'ডেল এজেন্সি | অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান। |
ন'ডেল বিভাগ | অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। |
সাবস্ক্রিপশন | আঁচনিৰ আপডেট পাবলৈ ইয়াত সাবস্ক্ৰাইব কৰক। |
আবেদন কৰাৰ প্ৰক্ৰিয়া | অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অফলাইন এপ্লিকেচন ফৰ্মৰ জৰিয়তে আবেদনৰ কৰিব পাৰিব। |
ভূমিকা
- মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনা অসম চৰকাৰৰ প্ৰধান সামাজিক কল্যাণ আঁচনি।
- এই আঁচনিখনৰ মুল উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক উৎপাদনশীল কাম-কাজত জড়িত হ'বলৈ উৎসাহিত কৰা আৰু তেওঁলোকক স্বাৱলম্বী আৰু আৰ্থিকভাৱে স্বতন্ত্ৰ কৰি তোলা।
- মূলত কৰ্মহীন যুৱক - যুৱতী সকলৰ আত্মনিয়োগৰ বাবে এই মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনা আৰম্ভ কৰা হৈছে।
- এই আঁচনিৰ ন'ডেল বিভাগ হল অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।
- আৰু অসম চৰকাৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ কাৰ্যকাৰী সংস্থা।
- অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ শিক্ষিত কিন্তু কৰ্মহীন যুৱক-যুৱতীসকলক তলত উল্লেখ কৰা ছেক্টৰত নিয়োগৰ সুযোগ গ্ৰহণ কৰাত সহায় কৰিব :-
- প্ৰাথমিক ছেক্টৰ।
- দ্বিতীয়া ছেক্টৰ।
- তৃতীয়া ছেক্টৰ।
- উৎপাদন/ প্ৰস্তুতিকৰণ।
- মাৰ্কেটিং।
- প্ৰেষণ/ মাল সৰবৰাহ।
- সৰু ব্যবসাসমূহ।
- সৰু শিল্পৰ স্থাপনা আদি।
- যোগ্য হিতাধিকাৰীক অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত ৪০,০০০/- টকা বা প্ৰকল্প ব্যয়ৰ ৫০% ৰাজসাহায্য প্ৰদান কৰা হ'ব।
- যদি এই প্ৰকল্পটো কমেও চাৰিজন সদস্য থকা যৌথ দায়বদ্ধতা স্বোৱালম্বী গোটৰ দ্বাৰা আৰম্ভ কৰা হয়, তেন্তে যোগ্য হিতাধিকাৰীক সৰ্বাধিক ১,৬০,০০০/- টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব।
- এই আঁচনিৰ অধীনত ঋণ সুবিধাও দিয়া হয়। উপভোক্তাই উপাৰ্জনৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ সৰ্বাধিক ৬,০০,০০০ টকাৰ ঋণ সুবিধা লাভ লৱ পাৰিব।
- মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত ঋণ পৰিশোধৰ সময়সীমা সৰ্বাধিক ৫ বছৰৰ।
- আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৩৭ বছৰৰ ভিতৰত হ'ব লাগিব।
- ন্যূনতম দশম শ্ৰেণী পাছ হব লাগিব, কিন্তু তলত উল্লেখ কৰা ক্ষেত্ৰত ব্যতিক্ৰম আছে :-
- পঞ্চম শ্ৰেণী পাছ। (হাত তাঁতশাল আৰু সৰিয়হ খেতি কৰা মহিলাৰ বাবে)
- সপ্তম শ্ৰেণী পাছ। (যিসকল মানুহে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ বাবে)
- কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়িক কাৰ্যৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাটো আত্যন্ত প্ৰয়োজনীয়।
- হিতাধিকাৰীৰ মুঠ প্ৰকল্প ব্যয়ৰ ১০%ৰ পৰা ১৫% মূলধনী অৱদান হ’ব লাগিব।
- যোগ্য হিতাধিকাৰীয়ে আয় সৃষ্টিকাৰী কাৰ্যকলাপ আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ এপ্লিকেচন ফৰ্ম পূৰণ কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।
সুবিধাসমূহ
- অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত হিতাধিকাৰীসকলক তলত উল্লেখ কৰা সুবিধা প্ৰদান কৰা হ'ব :-
- যোজনা খৰচৰ ৫০% বা ৪০,০০০ টকাৰ ৰাজসাহায্য। (যিটো নিম্নতম)।
- ৪ জনীয়া যৌথ দায়বদ্ধ স্বাৱলম্বী গোটলৈ ১,৬০,০০০ টকাৰ ৰাজসাহায্য।
- ঋণ সুবিধা ৬,০০,০০০/- টকালৈ।
মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত ৰাজসাহায্যৰ বাবে যোগ্য কাৰ্যকলাপসমূহ
- অসম চৰকাৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত তলত উল্লেখ কৰা কাৰ্যকলাপসমূহ ৰাজসাহায্যৰ বাবে যোগ্য :-
- ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ ক্ৰয়।
- উদ্যান শস্য/ ফুলৰ খেতি/ মশ্ৰুৰ ভিত্তিত কাৰ্যকলাপ।
- মাছ উন্নয়ন।
- সৰিয়হৰ খেতি
- হস্ততাঁত আৰু বস্ত্ৰ উৎপাদন।
- পোল্ট্ৰী ফাৰ্ম।
- গাহৰিৰ বৈজ্ঞানিক পালন।
- ক্ৰছ ব্ৰেড মিল্ক গৰু পালন।
- নাৰ্চাৰী।
- কৃমিৰ খেতি।
- কৃষি ক্লিনিক।
- সমন্বিত কৃষি।
- সৰু হলাৰ/ সৰু চাৰা উদ্ভিদ আৰু ভণ সংগ্ৰহ সুযোগ সুবিধা।
- খাদ্য/ফলৰ প্ৰক্ৰিয়া।
- সৰু চাহ বাগান।
- প্ৰসাৰণ সেৱাৰ বাবে সাধনসমূহ আৰু সজ্জা।
- মাৰ্কেটিং প্ৰসাৰণ।
- ডিজাইন বিকাশ।
- বনৌষধি ঔষধিয় উদ্ভিদ।
- কাঠ/ বাঁহ/ কাঠফুলা/ নলৰ কামৰ হস্তশিল্প।
- ফাষ্ট ফুডৰ ষ্টল।
- গ্ৰাম্য পৰিবহণ সুবিধা।
- কম্পিউটাৰ প্ৰশিক্ষণ আৰু ডিটিপি কেন্দ্ৰ।
- ক্ষুদ্ৰ উদ্যোগ।
- ক্ষুদ্ৰ ব্যৱসায়।
মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত যোগ্য গোটৰ কাৰ্যকলাপ
- মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অধীনত তলত উল্লেখ কৰা কাৰ্যকলাপ/ প্ৰকল্পসমূহ ৰাজসাহায্যৰ বাবে যোগ্য। এই প্ৰকল্পৰ পৰিচালনা কৰা হ'ব ৪ জনীয়া যৌথ দায়বদ্ধ স্বাৱলম্বী গোটৰ দ্বাৰা :-
- কম্পিউটাৰ প্ৰশিক্ষণ ইউনিট
- ডিটিপি (DTP)কেন্দ্ৰ।
- ইণ্টাৰনেট কেফে।
- ভিডিঅ' সম্পাদনা
- ফটো কপি/ ফেক্স
- পিচিঅ' (PCO) কেন্দ্ৰ।
- কাপোৰৰ দোকান।
- বস্ত্ৰ নিৰ্মাণ আৰু বিপণন।
- কিতাপৰ দোকান।
- কাৰ্পেন্টাৰ দোকান।
- ইলেক্ট্ৰিকেল দোকান।
- প্লাম্বাৰ ৱৰ্ক।
- মটৰ মেৰামতি কৰ্মশালা।
- মটৰ পাৰ্টছ দোকান।
- হস্ততাঁত ইউনিট।
- ফাষ্ট ফুডৰ ষ্টল।
- পৰিবহণ যান-বাহন আৰু তিনিচকীয়া বাহন।
- বিউটি পাৰ্লাৰ।
যোগ্যতাৰ মানদণ্ড
- আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
- আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৩৭ বছৰৰ ভিতৰত হ'ব লাগিব।
- আবেদনকাৰীৰ তলত উল্লেখ কৰা শিক্ষাগত থাকিব লাগিব :-
- দশম শ্ৰেণী পাছ।
- পঞ্চম শ্ৰেণী পাছ। (হাত তাঁতশাল আৰু সৰিয়হ খেতি কৰা মহিলাৰ বাবে)
- সপ্তম শ্ৰেণী পাছ। (যিসকল মানুহে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ বাবে)
- দ্বাদশ শ্ৰেণী পাছ। (কম্পিউটাৰ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে)
- কমপক্ষে ৪ জন সদস্য থকা যৌথ দায়বদ্ধতা স্বোৱালাম্বি গোটসমূহো আবেদনৰ বাবে যোগ্য।
প্ৰয়োজনীয় প্ৰমাণপত্ৰ
- অসমৰ নিৱাসী প্ৰমাণ পত্ৰ।
- আবেদনকাৰীৰ বয়সৰ প্ৰমাণ পত্ৰ।
- ইনকাম চাৰ্টিফিকেট।
- পাছপোৰ্ট আকাৰৰ ফটো।
- শিক্ষাগত প্ৰমানপত্ৰ।
- বেংক একাউণ্টৰ ডিটেলছ।
- গাওঁ বুৰাৰ পৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। (গ্ৰাম্য অঞ্চলৰ বাবে)
- জিএমচি (GMC) ঘৰুৱা প্ৰমাণপত্ৰ। (মেট্ৰ' এলেকাৰ বাবে)
কেনেকৈ আবেদন কৰিব
- যোগ্য হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ অফলাইন এপ্লিকেচন ফৰ্ম পূৰণ কৰি ৰাজসাহায্যৰ সুবিধা লাভ কৰিব পাৰে।
- তলত উল্লেখ কৰা কাৰ্যালয়সমূহত মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ এপ্লিকেচন ফৰ্ম বিনামূলীয়াকৈ পোৱা যায় :-
- ব্লক ডেভেলপমেণ্ট অফিচ।
- গ্ৰাম পঞ্চায়ত।
- আবেদন পত্ৰখন সংগ্ৰহ কৰক আৰু ইয়াক ভালদৰে পূৰণ কৰক।
- সকলো প্ৰয়োজনীয় প্ৰমাণপত্ৰ এপ্লিকেচনৰ সৈতে সংলগ্ন কৰক।
- সকলো প্ৰমাণপত্ৰ সৈতে এপ্লিকেচন ফৰ্মখন সেই কাৰ্য্যালয়ত দাখিল কৰক য'ৰ পৰা ইয়াক সংগ্ৰহ কৰা হৈছিল।
- জমা দিয়া এপ্লিকেচন ফৰ্ম আৰু প্ৰয়োজনীয় প্ৰমাণপত্ৰ ব্লক পৰ্যায়ৰ বাছনি সমিতিয়ে পৰীক্ষা কৰিব।
- ব্লক পৰ্যায়ৰ নিৰ্বাচন সমিতিৰ তলত উল্লেখ কৰা বিষয়াসকল হৈছে :-
- ব্লক ডেভেলপমেন্ট অফিচাৰ।
- গাওঁ পঞ্চায়তৰ সভাপতি।
- বেংকৰ শাখা পৰিচালক।
- ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰতিনিধি।
- যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ নামৰ নিৰ্বাচিত হোৱাৰ লগে লগে তেঁওলোকৰ বেংক একাউণ্টত ৰাজসাহায্য ধন/ ঋণ লাভ কৰিব।
গুৰুত্বপূৰ্ণ লিংক
- অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান।
- মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনাৰ গাইডলাইন।
যোগাযোগৰ বিৱৰণ
- অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ হেল্পলাইন নম্বৰ।
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ হেল্পলাইন নম্বৰ :-
- ০৯৯৫৪৪৯৭৬৭৪
- ০৯৯৫৪৫৩৩৪৭২
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান হেল্পডেস্ক ই-মেইল :-
- sird-asm@nic.in.
- sirdassam@gmail.com.
- অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, অসম চৰকাৰ,
জি. এছ. (GS) ৰোড, খানাপাৰা
গুৱাহাটী - ৭৮১০২২.
Scheme Forum
Subscribe to Our Scheme
×
Stay updated with the latest information about অসমৰ মুখ্যমন্ত্ৰী জীৱন জ্যোতি স্বনিয়োজন যোজনা
Comments
Loan applying
I have poultry farm. I want some money, for upgrade my poultry farm. So how can I apply Jeevan Jyoti swaniyojan yojana
Lone subsidy
I am interested.
I went goat farming.pl halp me
Sis me beirojger 12th pass goat farming karna chata ho upai dijie.
Fro goat farming.
I am unemployed.i hav completed my graduation and i want to work at all types of farming.
Shop
Footwear
Chicken farm house
Emergency loan
Loan apply
Mera mushroom ka faram he , use Thora aur badra karna he.
Plz help me
Business
Tapan sutradhar I'm business loan alpply
Poultry Farming
I am graduated in arts from GU Currently unemployed,So wanted to start Poultry Farming. Kindly help me.
With high hopes and Regards
Lilaraj Chetri
Business start up
I want to start a business, please help me
Lone
I am graduated in arts from Duliajan.Unemployed.l want to start a business, please help me.
With hope and Regard
Uma Kanta Konwar.
Duliajan Assam
Dist Diburgarh
Pin code 786602
Fastfood stall
I am an unemployed youth, I have completed higher secondary, I have no work, I want to do something, I don't have money, so I need a ring, thank you
Add new comment